A part of Indiaonline network empowering local businesses
Chaitra Navratri

ৰাজ্যত কোৱিডৰ সংক্ৰমণৰ হাৰ ৩.৩২ শতাংশলৈ বৃদ্ধি

news

ৰাজ্যত কোৱিডৰ সংক্ৰমণৰ হাৰ ৩.৩২ শতাংশলৈ বৃদ্ধি পাইছে। কালি ৩৫ হাজাৰ ১২৭ টা নমুনা পৰীক্ষা কৰা হয়। ইয়াৰে এহেজাৰ ১৬৭ জন লোকৰ দেহত ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণ ধৰা পৰে। ইয়াৰে ৫১৭ জন কামৰূপ মহানগৰ জিলাৰ। এই সময়চোৱাত ২৫৩ জন কোৱিড ৰোগী সুস্থ হৈ উঠে। ইয়াকে লৈ ৰাজ্যত এই পৰ্যন্ত সু্স্থ হৈ উঠা কোৱিড ৰোগীৰ সংখ্যাই ৬ লাখ ১৩ হাজাৰ তিনিশ অতিক্ৰম কৰিছে। সেই অনুসাৰে কোৱিডৰ পৰা আৰোগ্যৰ হাৰ ৯৮.২২ শতাংশ হৈছে। ৰাজ্যত সম্প্ৰতি তিনিহাজাৰ ৬০১ জন চিকিৎসাধীন কোৱিড ৰোগী আছে। ৰাজ্যত কালি কোৱিডত আক্ৰান্ত হৈ দুজন লোকে প্ৰাণ হেৰুৱায়। (AIRNEWS)

831 Days ago