ৰাজ্যত কোভিডৰ সংক্ৰমণ হ্ৰাস পাইছে। কালিৰ দিনটোত ১,৬৮৮ জন লোকৰ নমুনা পৰীক্ষাৰ অন্তত ১৮ জনৰ দেহত কোভিড-১৯ৰ সংক্ৰমণ ধৰা পৰে। ইয়াৰ বিপৰীতে এই সময়ছোৱাত ৩০ জন কোভিড ৰোগী সুস্থ হৈ উঠে। ইয়াকে লৈ ৰাজ্যত বৰ্তমানলৈকে কোভিডৰ পৰা আৰোগ্য লাভ কৰা লোকৰ সংখ্যাই ৭ লাখ ৩৪ হাজাৰ ৮০০ অতিক্ৰম কৰিছে। সেই অনুসৰি ৰাজ্যত বৰ্তমান কোভিডৰ পৰা আৰোগ্যৰ হাৰ ৯৮.৫৬ শতাংশ হৈছে। ৰাজ্যত বৰ্তমান ২ হাজাৰ ৭২৭ জন চিকিৎসাধীন কোভিড ৰোগী আছে। (AIR NEWS)