A part of Indiaonline network empowering local businesses
Chaitra Navratri

ৰাজ্যত ১ ছেপ্তেম্বৰৰ পৰা চলিব পাঠদান

news

গুৱাহাটী: ৩০ আগষ্টৰ ভিতৰত ৰাজ্যৰ সকলো চৰকাৰী শিক্ষক, চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীয়ে কৰিব লাগিব কৰ’ণা পৰীক্ষা। শিক্ষাবিভাগৰ প্ৰত্যেকজন শিক্ষকৰ ক’ভিডৰ পৰীক্ষাৰ ফলাফল ৱেবচাইটত থাকিব। মন কৰিলেই অভিভাৱকে চাব পাৰিব শিক্ষকসকলৰ ক’ভিডৰ পৰীক্ষাৰ ফলাফল। শনিবাৰে জনতা ভৱনত অনুষ্ঠিত এক সংবাদমেলত এই মন্তব্য আগবঢ়ায় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মন্ত্ৰীগৰাকীয়ে জানিব দিয়ে যে চৰকাৰে বৰ্তমান চতুৰ্থ শ্ৰেণীলৈকে বিদ্যালয় খুলিব খোজা নাই। আনহাতে পঞ্চম শ্ৰেণীৰ পৰা অষ্টমশ্ৰেণীলৈকে শিক্ষাৰ্থীক বিদ্যালয়লৈ ননাকৈ শিক্ষকসকলে গাঁৱৰ, স্কুলৰ খেলপথাৰ বা চোতালত শিক্ষা প্ৰদান কৰিব লাগিব। লগতে কেৱল ১৫ গৰাকী শিক্ষাৰ্থীকহে একেসময়তে শিক্ষাদান কৰিব পাৰিব বুলি ৰাজ্যৰ শিক্ষামন্ত্ৰী শৰ্মাই কয়। 

মন্ত্ৰীগৰাকীয়ে পুনৰ কয় ”১ ছেপ্তেম্বৰৰ পৰা নৱম আৰু একাদশ শ্ৰেণীৰ পাঠদান বিদ্যালয়তে হ’ব। সপ্তাহত দুদিন তেওঁলোক আহিব। স্কুলতে ক্লাছ হ’ব তেওঁলোকৰ। স্কুল ৬ দিন চলিব। দুদিন নৱম আৰু একাদশক মাতিব। শিক্ষকসকলক এটা কোঠাত ১৫ জনতকৈ অধিক শিক্ষাৰ্থীক বহিবলৈ দিব নোৱাৰিব। দশম আৰু দ্বাদশ শ্ৰেণীক ৪দিন শিক্ষাদান কৰা হ’ব।”

উল্লেখযোগ্য যে, বিদ্যালয় খোলাৰ অনিশ্চয়তাক লৈ দেখা দিয়া প্ৰশ্নৰ সময়তে মন্ত্ৰীগৰাকীৰ এই ঘোষণাই সকাহ দিছে অভিভাৱকৰ লগতে শিক্ষকসকলকো।  (INDIAONLINE)

1355 Days ago