A part of Indiaonline network empowering local businesses
Chaitra Navratri

ৰাজ্যিক মর্যাদাৰে সম্পন্ন হ’ল বীৰ শ্বহীদ প্রণয় কলিতাৰ শেষকৃত্য

news

বৰপেটা: এক শোকাকুল পৰিৱেশৰ মাজত সম্পূর্ণ ৰাজ্যিক মর্যাদাৰে সম্পন্ন হ’ল বজালীৰ বীৰ শ্বহীদ প্রণয় কলিতাৰ শেষকৃত্য। মণিপুৰত উগ্রপন্থীৰ বর্বৰ আক্রমণত মৃত্যু হোৱা অসম ৰাইফলছৰ তিনিজন জোৱানৰ ভিতৰত এজন আছিল বজালী মহকুমাৰ প্রণয় কলিতা। 

উগ্রপন্থীৰ বর্বৰ আক্রমণৰ বলি হোৱা প্রণয়ৰ মৃত্যুৰ খবৰ কালি পুৱাৰ ভাগতে গাঁওখনত বিয়পি পৰাৰ পাছত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হোৱাৰ লগতে লোকে লোকাৰণ্য হৈ পৰে গাওঁখন। মণিপুৰৰ চান্দেল জিলাৰ চাজিকটামাপাক এলেকাত সংঘটিত হোৱা উগ্রপন্থীৰ বর্বৰ আক্রমণ তিনিজন জোৱান নিহত হোৱাৰ লগতে আহত হয় আন ছজন।  

সেনা, আৰক্ষীৰ শীর্ষ বিষয়াৰ লগতে মন্ত্রী ভৱেশ কলিতা, বৰপেটা জিলাৰ উপায়ুক্ত মুনীন্দ্র শর্মা, আৰক্ষী অধীক্ষক ডাঃ ৰবীন কুমাৰ, বজালী মহকুমাৰ মহকুমাধিপতি নয়নজ্যোতি ভাগৱতীৰ লগতে অসংখ্য গুণমুগ্ধ আৰু আত্মীয়-স্বজনে শেষ শ্রদ্ধাঞ্জলি জনায় বীৰ শ্বহীদজনক। ভাৰত মাতা কি জয়, সন্ত্রাসবাদ নিপাত যাওক, প্রণয় কলিতা অমৰ হওক ধবনিৰে উত্তাল হৈ পৰা শেষকৃত্যস্থলী উত্তাল হৈ পৰে। 

মন্ত্রী ভৱেশ কলিতাই অন্ত্যেষ্টিক্রিয়াস্থলীত উপস্থিত হৈ বীৰ শ্বহীদগৰাকীৰ বাসগৃহৰ সন্মুখৰ পথটো শ্বহীদগৰাকীৰ নামেৰে নামকৰণ কৰাৰ লগতে শ্বহীদগৰাকীৰ পত্নীক সংস্থাপন দিয়াৰ আশ্বাস প্ৰদান কৰে।  (INDIAONLINE)

1356 Days ago