A part of Indiaonline network empowering local businesses
Chaitra Navratri

ৰাজ্যৰ উন্নয়নত গতি ত্বৰান্বিত কৰিবলৈ ৰাজ্য চৰকাৰে আই আই এম বেংগালুৰুৰ সৈতে আজি এখন বুজাবুজিৰ চুক্তি

news

ৰাজ্যৰ উন্নয়নত গতি ত্বৰান্বিত কৰিবলৈ ৰাজ্য চৰকাৰে আই আই এম বেংগালুৰুৰ সৈতে আজি এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে। এই বুজাবুজি চুক্তিৰ অধীনত পৰম্পৰাগত নিযুক্ত প্ৰক্ৰিয়াৰ বাহিৰত মানসম্পন্ন প্ৰতিভা চিনাক্তকৰণ, উচ্চ দক্ষতাসম্পন্ন লোকক তৃণমূল পৰ্যায়ত বিকশিত যাত্ৰাত অৰিহণা যোগোৱাৰ সুযোগ প্ৰদানৰ উপৰি স্বাস্থ্য আৰু শিক্ষা খণ্ডত বিকাশৰ সুযোগ চিনাক্ত কৰাৰ ক্ষেত্ৰত চৰকাৰৰ সহায়ৰ লক্ষ্য নিৰ্ধাৰণ কৰা হ’ব। ৰাজ্যৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা আৰু আই আই এম বেংগালুৰুৰ সঞ্চালক অধ্যাপক ঋষিকেশ টি কৃষ্ণমে এই বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে। অনুষ্ঠানত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰৰ লগতে কেইবাগৰাকীও জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। উল্লেখযোগ্য যে এই চুক্তিৰ অধীনত অসম চৰকাৰ আৰু আই আই এম বেংগালুৰুৰ তত্বাৱধানত জিলা পৰ্যায়ত ৭০ গৰাকী দক্ষ যুৱক-যুৱতীয়ে দুবছৰৰ বাবে ৰাজ্যৰ প্ৰশাসনক সহায় কৰিব। (AIR NEWS)

520 Days ago