গুৱাহাটী: ৰাজ্যৰ ভিতৰতে কৰ’ণা সংক্ৰমণৰ অধিক ঘটনা গুৱাহাটী মহানগৰীত। মাত্ৰ দুটা দিনতে প্ৰায় ১৪০০ গৰাকী লোক আক্ৰান্ত হৈছে কৰ’ণাত ভাইৰাছত। কালি ৰাজ্যখনত নতুনকৈ আৰু ৭৩৫ গৰাকী লোকৰ দেহত ধৰা পৰিছে কোভিড-১৯ পজিটিভ। ইয়াৰে ৫৫২ গৰাকীয়েই গুৱাহাটী মহানগৰীৰ।
অসমত বৰ্তমান কভিড-১৯ত আক্ৰান্ত ৰোগীৰ মুঠ সংখ্যা হৈছে ১১৭৩৬ গৰাকী। ইয়াৰে ভিতৰত বৰ্তমানে সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৪২৮৬ গৰাকী। আনহাতে ৰাজ্যখনত বৰ্তমানলৈ ৭৪৩৩ গৰাকী আক্ৰান্ত ৰোগীয়ে আৰোগ্য লাভ কৰিছে। ইয়াৰ বিপৰীতে অসমত এতিয়ালৈকে কভিডত আক্ৰান্ত হৈ ১৪গৰাকী ৰোগীৰ মৃত্যু হৈছে। দেওবাৰে নিশা এটা টুইটৰ জৰিয়তে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰী কৰিছে।
মহানগৰীত অতিকে ভয়াবহ ৰূপ ধাৰণ কৰিছে এই ভাইৰাছে। লকডাউন চলি থকা সত্তেও গণ সংক্ৰমণ হৈ এতিয়া গুৱাহাটী মহানগৰীৰ প্ৰতিখন ঘৰতে যেন এই কৰ’ণাৰ ভাইৰাছ। (INDIAONLINE)