ৰাজ্য চৰকাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজি অনুষ্ঠিত গাম্ভীর্যপূর্ণ অনুষ্ঠানত সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদান কৰে। সেই অনুসৰি ডাঃ তপন শইকীয়াক অসম বৈভৱ বঁটা আৰু বিভিন্ন ক্ষেত্ৰত বৰঙণি আগবঢ়োৱা আন ৫গৰাকী বিশিষ্ট ব্যক্তিক অসম সৌৰভ বঁটা প্ৰদান কৰা হয়। ভ্ৰাম্যমান থিয়েটাৰৰ পুৰোধা ব্যক্তি কৃষ্ণ ৰয়, লন বল খেলুৱৈ নয়নমণি শইকীয়া, বিজ্ঞানী ড০ বিনয় কুমাৰ শইকীয়া আৰু স্বাস্থ্য বিষয়া ডাঃ শশীধৰ ফুকনে অসম সৌৰভ বঁটা লাভ কৰে। প্ৰাক্তন আন্তর্জাতিক ফুটবল খেলুৱৈ গিলবাৰ্টছন চাংমায়ো অসম গৌৰৱ বঁটাৰ বাবে নিৰ্বাচিত হৈছে যদিও আজিৰ বঁটা প্ৰদান অনুষ্ঠানত তেওঁ উপস্থিত থাকিব নোৱাৰিলে।
ইপিনে স্বাস্থ্য, কলা আৰু সংস্কৃতি, কৃষি, পৰ্যটন আৰু উদ্যোগ খণ্ডলৈ অনবদ্য বৰঙণি আগবঢ়োৱা ১৫গৰাকী বিশিষ্ট ব্যক্তিলৈ অসম গৌৰৱ বঁটা প্ৰদান কৰা হয়। শ্মশান বন্ধু ধৃতিমালা ডেকা, প্রগতিশীল মীনপালক দেৱজিৎ বর্মন, পৰিবেশবিদ ৰুস্তম বসুমতাৰী, উদ্যোগী মাঞ্জে লা ছিংফো, পক্ষী নিৰীক্ষক বিনন্দ হাতী বৰুৱা, সমাজকৰ্মী অতুল চন্দ্ৰ বৰুৱা, সমাজ কৰ্মী কল্যানী ৰাজবংশীয়ে অসম গৌৰৱ বঁটা লাভ কৰে। আনহাতে আশাকর্মী শীলা গোৱালা, বিটিআৰৰ ৰেচম বিভাগৰ প্ৰাক্তন সঞ্চালক ড০ যোগেশ দেউৰী, পশুপালক ড০ পংকজলাল গগৈ, প্ৰগতিশীল কৃষক সৰ্বেশ্বৰ বসুমতাৰী, আনাৰস ৰপ্তানিৰ ক্ষেত্ৰত বৰঙণি আগবঢ়োৱা মানথাং মাৰ, উদ্যানশস্যবিদ ড০ ধ্ৰুৱজ্যোতি শৰ্মা, মুখা শিল্পী দয়াল গোস্বামী আৰু এইডছ বিৰোধী আন্দোলনৰ সক্ৰিয় কৰ্মী ডাঃ চৈয়দ ইফটিকাৰ আহমেদক অসম গৌৰৱ বঁটা প্ৰদান কৰা হয়। অৱশ্যে অসুস্থতাৰ বাবে আহমেদ বঁটা প্রদান অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলে। উল্লেখযোগ্য যে ৰাজ্যপাল শ্রী গুলাব চান্দ কাটাৰিয়াই এই বঁটাসমূহ প্ৰদান কৰে। অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসম কেবিনেটৰ কেইবাজনো মন্ত্ৰী উপস্থিত থাকে। (AIR NEWS)