A part of Indiaonline network empowering local businesses
Chaitra Navratri

ৰাষ্ট্ৰজোৰা কোৱিড প্ৰতিষেধক প্ৰদানৰ অধীনত ১০২ কোটি ৩১ লাখৰো অধিক পালি প্ৰদান

news

দেশত বৰ্তমানলৈকে ৰাষ্ট্ৰজোৰা কোৱিড প্ৰতিষেধক প্ৰদান অভিযানৰ অধীনত ১০২ কোটি ৩১ লাখৰো অধিক পালি প্ৰদান কৰা হৈছে। দেশত বিগত ২৪ ঘণ্টাত ১৮ হাজাৰ ৭৬২ গৰাকী কোৱিড ৰোগী সুস্থ হৈ উঠে। ইয়াকে লৈ দেশত বৰ্তমানলৈকে সুস্থ হৈ উঠা লোকৰ সংখ্যাই ৩ কোটি ৩৫ লাখৰো অধিক অতিক্ৰম কৰিলে। সেই অনুসাৰে আৰোগ্য হাৰ যোৱা বছৰৰ মাৰ্চৰ পাছত প্ৰথমবাৰৰ বাবে ৯৮.১৮ শতাংশলৈ বৃদ্ধি পাইছে। ইপিনে যোৱা ২৪ ঘণ্টাত প্ৰায় ১৪ হাজাৰ ৩০৬ লোকৰ দেহত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে। দেশত সম্প্ৰতি মুঠ ১ লাখ ৬৭ হাজাৰ চিকিৎসাধীন কোৱিড ৰোগী আছে। চিকিৎসাধীন ৰোগীৰ এই সংখ্যা বিগত বৰ্ষৰ মাৰ্চ মাহৰ পৰা আটাইতকৈ কম। বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যাতকৈ ১ শতাংশৰ তললৈ হ্ৰাস পায় ০.৪৯ শতাংশ হৈছে। ইয়াকে ধৰি দেশত এই পৰ্যন্ত কৰা পৰীক্ষাৰ সংখ্যাই ৬০ কোটি ৭ লাখৰো অধিক অতিক্ৰম কৰিছে। (AIR NEWS)

907 Days ago