A part of Indiaonline network empowering local businesses
Chaitra Navratri

ৰাষ্ট্ৰসংঘত ভাৰতে কয়, বহুপক্ষীয় প্ৰতিষ্ঠানসমূহৰ সংস্কাৰ এক জৰুৰী আৱশ্যকতা

News

ভাৰতে সাধাৰণ পৰিষদৰ এক অনানুষ্ঠানিক বৈঠকত ৰাষ্ট্ৰসংঘত বহুপক্ষীয় প্ৰতিষ্ঠানসমূহৰ সংস্কাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। বহুপক্ষীয় প্ৰতিষ্ঠানসমূহৰ সংস্কাৰ এক জৰুৰী আৱশ্যকতা বুলি উল্লেখ কৰি ভাৰতে কয় যে এইবোৰে একবিংশ শতিকাৰ বাস্তৱতাক প্ৰতিফলিত কৰাৰ সমান্তৰালভাৱে উন্নয়নশীল বিশ্বৰ উদ্বেগক কণ্ঠদান কৰাত গুৰুত্ব দিব লাগে।

ৰাষ্ট্ৰসংঘৰ ব্রিফিঙত ভাষণ দি ৰাষ্ট্রসংঘত ভাৰতৰ স্থায়ী প্রতিনিধি ৰুচিৰা কাম্বোজে কয় যে আন্তর্জাতিক ভূ-খণ্ডৰ ক্রমাৎ খণ্ডিতকৰণক লৈ মিউ দিল্লী চিন্তিত হৈয়েই আছে৷ জি-২০ৰ অধ্যক্ষ হিচাপে ভাৰতে দক্ষিণৰ অগ্ৰাধিকাৰসমূহক জি-২০ প্ৰক্ৰিয়াত পুনৰ কাৰক হিচাপে লৈ বিশ্ব দক্ষিণৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ থাকিব বুলিও তেওঁ কয়।

কম্বোজে কয় যে বিশ্বই হয়তো দ্বিতীয় বিশ্বযুদ্ধৰ পিছত আটাইতকৈ কঠিন পৰ্যায়ৰ সাক্ষী হৈ আছে আৰু সেয়া অতিৰঞ্জিত নহয় বৰঞ্চ বাস্তৱ। আগন্তুক পথটো প্ৰত্যাহ্বানমূলক বুলি উল্লেখ কৰি তেওঁ সদস্য দেশসমূহক উন্নয়নমূলক প্ৰত্যাহ্বানসমূহৰ বহনক্ষম সমাধান বিচাৰিবলৈ সহযোগিতামূলকভাৱে সামূহিকভাৱে কাম কৰিবলৈ আহ্বান জনায়। (AIR NEWS)

455 Days ago