প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি তেওঁৰ সংসদীয় সমষ্টি বাৰাণসীলৈ যাব। এই ভ্রমণকালত শ্রীমোদীয়ে ৰুদ্ৰাক্ষ অভিৱৰ্তন কেন্দ্ৰত আয়োজিত One World TB সন্মিলনক সম্বোধন কৰিব আৰু ১,৭৮০ কোটিৰো অধিক টকাৰ বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। তেওঁ লগতে বাৰাণসী চাউনীৰ পৰা গোদৌলিয়ালৈ যাত্ৰীবাহী ৰজ্জু পথৰো আধাৰশিলা স্থাপন কৰিব। বিশ্ব যক্ষ্মা দিৱসৰ লগত সংগতি ৰাখি আজি প্রধানমন্ত্রীয়ে যক্ষ্মামুক্ত পঞ্চায়তসহ বিভিন্ন উদ্যমৰ শুভাৰম্ভ কৰিব। তেওঁ লগতে ২০২৩ বৰ্ষৰ বাবে ভাৰতত বার্ষিক যক্ষ্মা প্রতিবেদন জাৰি কৰিব। প্ৰধানমন্ত্ৰীয়ে ২০১৮ চনত মাৰ্চত যক্ষ্মা সম্পৰ্কীয় বহনক্ষম উন্নয়নৰ লক্ষ্য নিৰ্ধাৰিত সময়ৰ ৫ বছৰ পূৰ্বে ২০২৫ত পূৰণ কৰাৰ বাবে আহ্বান জনাইছিল। এই সন্মিলন যক্ষ্মা সম্পৰ্কীয় বহনক্ষম উন্নয়নৰ লক্ষ্যত উপনীত হোৱাৰ বাবে এটা গুৰুত্বপূৰ্ণ সুযোগৰূপে বিবেচিত হৈছে। সন্মিলনত বিশ্বৰ ৩০ খনৰো অধিক দেশৰ প্ৰতিনিধিয়ে ভাগ লব। (AIR NEWS)