ৰে’ল বিভাগে ৰে’লগাড়ীসমূহৰ লগতে ষ্টেচন চৌহদত মাস্ক নিপিন্ধা লোকসকলক ৫০০ টকা পৰ্যন্ত জৰিমনা বিহাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। দেশত কৰোনা ভাইৰাছৰ সংক্ৰমণৰ বিৰুদ্ধে কেন্দ্ৰই গ্ৰহণ কৰা প্ৰতিৰোধমূলক ব্যৱস্থাৰ অংশ হিচাপে বিভাগে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰে’লমন্ত্ৰীয়ে দেশৰ সকলো মাণ্ডলিক শাখাৰ মহাপ্ৰৱন্ধকসকললৈ এই বিষয়ত পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰখনত কোৱা হৈছে যে, কোৱিড-১৯ মহামাৰীৰ সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে কেন্দ্ৰই জাৰি কৰা নীতি-নিৰ্দেশনাৰ পৰিপ্ৰেক্ষিতত ৰে’ল বিভাগে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। মন্ত্ৰালয়ে এইক্ষেত্ৰত পৰৱৰ্তী ৬ মাহৰ বাবে শীঘ্ৰেই কাৰ্যকৰী হোৱাকৈ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰে’লৱেৰ মাণ্ডলিক শাখাসমূহক নিৰ্দেশ দিছে। (AIR NEWS)