গুৱাহাটী: আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱলৈ নিৰ্বাচিত হৈছে অসমৰ দুই ছবি। মাৰ্কিন যুক্তৰাষ্ট্ৰত অনুষ্ঠিত হোৱা বে - এৰিয়া ছাউথ ফিল্ম ফেষ্টিভেললৈ নিৰ্বাচিত হৈছে অসমৰ সুযোগ্য সন্তান ৰিমা দাসৰ ‘বুলবুল কেন ছিং’ আৰু ৰিয়ান হাজৰিকা আৰু এক্সেল হাজৰিকা থ্ৰী ডি এনিমেশ্যন ছবি ‘এ ব্লাইণ্ড ডগ’।
ইতিমধ্যে ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় বিভিন্ন ছবি মহোৎসৱত বঁটা লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ছবিকেইখনে। উল্লেখযোগ্য যে অস্কাৰৰ বাবে মনোনীত ৰিমা দাসৰ বুলবুল কেন ছিং ছবিখনে মুক্তি লাভ কৰাৰ পূৰ্বেই দৰ্শকৰ মনত খলকনি তুলিছিল।
আনহাতে হাজৰিকা ভাতৃদ্বয়ে নিৰ্মাণ কৰা থ্ৰী ডি এনিমেশ্যন ছবিখনে দেশ-বিদেশৰ ২৫ খনতকৈও অধিক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰি বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। অহা ৭ ডিচেম্বৰত বে কেলিফ’ৰ্নিয়াৰ ছান জ’ছৰ মেক্সিকান হেৰিটেজ প্লাজাত প্ৰদৰ্শন কৰা হ’ব ছবিখন। (INDIAONLINE)